নগাঁওঃ কলঙৰ পাৰত অনুষ্ঠিত হ’ব নগাঁও জিলা গ্ৰন্থ মেলা৷ অসমৰ গ্ৰন্থমেলা ইতিহাসৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি নগাঁৱৰ অন্যতম অগ্ৰণী সমাজিক-সাংস্কৃতিক অনুষ্ঠান ‘কল্লোল’ৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও গ্ৰন্থমেলা-২০১৭ অনুষ্ঠিত কৰাল বাবে প্ৰস্তুতি আৰম্ভ হৈছে ৷
এইবাৰ নগাঁও গ্ৰন্থমেলা অহা ১২ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ কলঙৰ বাকৰিৰ ঐতিহাসিক নেহৰুবালিত অনুষ্ঠিত হ’ব ৷ ‘কল্লোল’ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সাধাৰণ সভাত স্থানীয় বিধায়ক ৰূপক শৰ্মাক সভাপতি, জিলা উপায়ুক্ত চমচেৰ সিং আৰু ‘কল্লো’ৰ সভাপতি লোহিত কলিতাক কাৰ্যকৰী সভাপতি, ‘কল্লোল’ৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকা আৰু অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰাক যুটীয়া সম্পাদক আৰু অৱসৰপ্ৰাপ্ত বেংক বিষয়া শিৱ শৰ্মাক কোষাধ্যক্ষ হিচাপে লৈ নগাঁও গ্ৰন্থমেলা–২০১৭ ৰ মূল কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷