64
লাহোৱালঃ মদাৰখাতৰ এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে এখন শৈক্ষিক আলোচনা সভা অনুষ্ঠিত হয়৷ ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত তথা ফলাফল উত্তৰণৰ সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যে সভা খন অনুষ্ঠিত হয়।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিনোদ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষক, ছাত্ৰ, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লোকসকল উপস্থিত থাকে।