বৰপেটাঃ বিশিষ্ট সমাজকৰ্মী জ্যেষ্ঠ অধ্যাপক অনন্ত মোহন শৰ্মাৰ মঙলবাৰে মৃত্যু হয়৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল বৰপেটা জিলাৰ পাঠশালাৰ ঐতিহ্যমণ্ডিত বজালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপকগৰাকীয়ে৷ অধ্যাপক অনন্ত মোহন শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷
মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা শৰ্মাৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে গুণমুগ্ধৰে ঘৰ ভৰি পৰে৷ সৎ, সাহসী, ছাত্ৰ-ছাত্ৰীৰ আপোন আদৰ্শবান লোকগৰাকীৰ মৃত্যুত শিক্ষা দিশটোৰ ক্ষতি হ’ল বুলি কয় একাংশ ছাত্ৰই৷