ডিজিটেল ডেস্কঃ দেশত আজিও এসাজ ভাত, এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহকাৰ কৰিব লগা হয়৷ এনে লোকৰ সংখ্যা ভাৰতবৰ্ষত আজিও ২১.৯ শতাংশ৷ গ্ৰাম্য অঞ্চলত দৈনিক ৩২ টকা আৰু নগৰ অঞ্চলত ৪৭ টকা উপাৰ্জন কৰা লোকক ধনী বুলি ভবা হয়৷
কিন্তু তাৰ মাজতে দেশত এনেকুৱাও লোক আছে যিয়ে নিজৰ গাড়ী চালকক ২ লাখ টকা দৰমহা দিয়ে৷ ৰিলায়েন্সৰ মুৰব্বী মুকেশ আম্বানী এনে এটা নাম যিয়ে উচ্চতাৰ শিখৰত উঠিছে৷ তেওঁ কেৱল মাত্ৰ ভাৰততে নহয় সমগ্ৰ বিশ্বতে এজন ধনী ব্যক্তি হিচপে পৰিচিত৷ তেওঁৰ ‘এণ্টেলিনা’ নামৰ ঘৰটোও বিশ্বৰ সকলোতকৈ দামী ঘৰবোৰৰ মাজত এটা৷ সাধাৰণ মানুহে কেৱল মাত্ৰ এখন গাড়ী কিনিবলৈয়ে বহুত ভাবিব লাগে৷