কোকৰাঝাৰঃ কোকৰাঝাৰত যোৱা ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ২৫ সংখ্যক ৰাজ্যিক শিশু সমাৰোহ আৰু ৰূপালী জয়ন্তী উদযাপনৰ বৃহস্পতিবাৰে দ্বিতীয় দিন৷ ৰাজ্যৰ ৩৩ খন জিলাৰ পৰা অহা সম্ভাৱনাপূৰ্ণ শিশু বিজ্ঞানী, শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ নিজ পতাকা উত্তোলন কৰে৷ পতাকা উত্তোলন কৰাৰ পিছতে শ্বহীদ বিজ্ঞানী সকলৰ স্মৃতিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলী অৰ্পন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই৷
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত এন ছি এচ ছিৰ সঞ্চালক ড০ অৰুপ কুমাৰ মিশ্ৰ, বিটিএডিৰ শিক্ষা সঞ্চালক ৰবিশংকৰ বৰগয়াৰী, জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছতে শিশু বিজ্ঞানী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে কোকৰাঝাৰ চহৰত এক সাংস্কৃতিক শোভাযাত্ৰাও উলিয়ায় ৷ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই পতাকা জোকাৰি শুভ উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰৰ পৰা আৰম্ভ হৈ চহৰখনৰ জেডি ৰোড আৰু আৰএন বি ৰোড হৈ সমগ্ৰ চহৰ শোভাযাত্ৰা কৰি পুনৰ উক্ত বিদ্যালয়ৰ খেলপথাৰত অন্ত পেলায়৷