চামগুৰিঃ ৰাজ্যৰ ভিতৰতে অন্যতম ইতিহাসে গৰকা নগাঁও জিলাৰ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ে ২৫ অক্টোবৰৰ পৰা তিনিদিনিয়াকৈ পালন কৰিছে সোণালী জয়ন্তী সমাৰোহ। অঞ্চলটোৰ সকলো প্ৰকাৰৰ লোকে সকলো কাম-বন এৰি যোৱা দুদিন ধৰি ব্যস্ত হৈ পৰিছে সোণালী জয়ন্তী সমাৰোহত৷ এক ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰবৰ বাবে সকলোৱে সহায়-সহযোগ কৰিবলৈ ওলাই আহিছে সোণালী জয়ন্তীৰ কাম কাজৰ বাবে৷
শুকুৰবাৰে অন্তিম দিন৷ আদৰৰ মুকলি সভা খন অনুষ্ঠিত হ’ব৷ মুকলি সভাত উপস্থিত থাকিব ৰাজ্যৰ মুখ্য মন্ত্ৰীৰ লগতে কেইবাগাৰকী লোক৷ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা মহাবিদ্যালয় খনৰ বাবে বিশেষ ঘোষণা কৰিব বুলিও আশা পুহি ৰাখিছে৷ মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, প্ৰাক্তন অধ্যাপক-অধ্যাপিকাকে ধৰি বহু কেইগৰাকী প্ৰাক্তন অধ্যক্ষ উপস্থিত থাকি সোণালী জয়ন্তী সমাৰোহৰ গৌৰৱোজ্জ্বল মূহুৰ্ত্ত সমূহ জীপাল কৰি তোলাৰ লগতে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়৷