ডিজিটেল ডেস্কঃ ভাৰতে ললে বাঃ বাঃ। U-17 বিশ্বকাপৰ আয়োজন কৰি বাঃ বাঃ লবলৈ সশ্ক্ষম হ’ল ভাৰত।একপ্ৰকাৰ মুগ্ধ ফিফাৰ কৰ্ম-কর্তাই ক’লে ‘চিনিয়ৰ বিশ্বকাপ হোৱাৰো পৰিমাপকাঠি তৈয়াৰ ভাৰতত’। বৃহস্পতিবাৰে দুপৰীয়া যুৱভাৰতী ক্রীড়াঙ্গনত সাংবাদিক সম্মিলনত ফিফা টুর্নামেন্টৰ ডাইৰেক্টৰ হাইমে ইয়ার্জাই স্বয়ং এই চার্টিফিকেট দিয়ে৷ অৰ্থাৎ আয়োজক হিচাপে ভাৰতেও বিশ্বকাপত যোগ দিব পাৰে৷
বাস্তৱত কিন্তু চিনিয়ৰ বিশ্বকাপ পতাৰ ক্ষেত্ৰত ভাৰতৰ পক্ষে কঠিন৷ প্রথম কথা, প্ৰতিযোগি বহুত৷ দ্বিতীয় কথা, খৰচো বহুত৷ ১৭ বছৰ অনূর্ধ্ব বিশ্বকাপেই ক’ত, কোন মাহত হ’ব এইবোৰ ঠিক কৰোতেই ভাৰকত বহু সময় লাগিছিল৷