ডিজিটেল ডেস্কঃ দেশৰ গৌৰৱ তাজমহলক যেন বিতৰ্কৰ মাজতেই সোমোৱাই থ’বলৈ ভাল পায় একাংশ লোকে৷ এইবাৰ আকৌ আহিল নামাজ পঢ়াক লৈ৷ তাজমহলত নামাজ পঢ়াত নিষেধাজ্ঞাৰ দাবী তুলিলে RSS-ৰ ইতিহাস শাখাই। যদিহে নামাজ পঢ়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিব নোৱাৰে তেন্তে তাজমহলত শিৱপূজা কৰাৰ অনুমতি দিব লাগে বুলি দাবি তোলে RSS-এ৷
ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সচিব ড০ বালমুকুন্দ পাণ্ডেই শুকুৰবাৰে ইণ্ডিয়া টুডেক দিয়া এক সাক্ষাত্কাৰত কয় যে ‘তাজ হ’ল এক জাতীয় ঐতিহ্য। কিয় সেইটোক মুছলিমসকলৰ ধর্মীয় ক্ষেত্র হিচাপে ব্যৱহাৰৰ অনুমতি দিয়া হ’ব? আগ্রাৰ তাজমহলত নামাজ পঢ়াৰ অনুমোদন প্রত্যাহাৰ কৰা উচিত।’