ওদালগুৰিঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে অংগনবাড়ী কৰ্মী-সহায়িকাই৷ বাৰে বাৰে চৰকাৰে প্ৰতাৰণাৰ কৰাৰ অভিোগ উত্থাপন কৰি শুকুৰবাৰে ওদালগুৰি ধৰ্ণাত বহিল কৰ্মী-সহায়িকাসকল।
কেইবা শতাধিক অংগনবাড়ী কৰ্মী-সহায়িকাই মাননি বৃদ্ধি, অংগনবাড়ী কেন্দ্ৰৰ ঘৰসমূহ পুনৰ নিৰ্মাণ কৰা, কৰ্মীসকলক অৱসৰকালীন সাহাৰ্য্য প্ৰদান কৰা, মিনি অংগনবাড়ী কেন্দ্ৰসমূহক পুৰ্ণাঙ্গ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা, কেন্দ্ৰসমূহৰ ভাড়াবোৰ নিয়মিতভাৱে আদায় দিয়াৰ দাবীত জিলা সমাজ কল্যান বিষয়াৰ কাৰ্যালয় চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।