গোৱালপাৰাঃ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাডী দাখল কৰা বিজেপি নেতৃত্বাধীন অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে বনজ সম্পদ ৰক্ষাত বিফল হৈছে৷ কিয়নো ৰাজ্যত আজিও বনৰীয়া হতীৰ মৃত্যু তথা হত্যা হোৱাৰ লগতে চোৰাং কাঠৰ ব্যৱসায় পাহাৰ ধ্বংস কৰাৰ খবৰ প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷
তাৰ মাজতে গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত শিমলিতোলাত বন বিভাগে বৃহস্পতিবাৰে অভিযান চলাই কাঠৰ লগতে কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ ৰংজুলি বনাঞ্চলত বন ধ্বংসযজ্ঞ অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই অভিযান চলাই বন বিভাগে৷