ডিজিটেল ডেস্কঃ মানুহে যোতিয়া কোনো দোষ কৰে তাৰ পৰা হাত সাৰিবলৈ বিভিন্ন কাৰণ দৰ্শায়, কেতিয়াবা আকৌ কাৰোবাক অদ্ভুদ পৰিপন্থাও গ্ৰহন কৰা দেখা যায়৷ কোটি কোটি টকাৰ ধৰুৱা বিজয় মালিয়াই ভাৰতলৈ ওভতি নহাৰ যুক্তি বৰ সুন্দৰ৷ ভাৰতলৈ ঘুৰি নহাৰ কাৰণ বোধহয় ইয়াতকৈ আৰু যুক্তি বিচাৰিলেও নোলাব৷
লণ্ডনৰ ওৱেচমিনষ্টাৰ আদালতে ভাৰতৰ প্ৰত্যাৱৰ্তনৰ আর্জিৰ শুনানিত বৃহস্পতিবাৰে বিজয় মালিয়াই ভাৰতৰ কাৰাগাৰৰ অবস্থা একেবাৰে বেয়া বুলি কয়। সেয়ে প্ৰত্যাৱৰ্তনৰ কৰিলে তেওঁৰ মানুহ হিচাপে অধিকাৰ খর্ব হ’ব।