নলবাৰীঃ প্ৰয়াত নাট্যকাৰ, সৃষ্টিশীল শিল্পী ভৱেন বৰুৱাৰ পত্নী সুঅভিনেত্ৰী নলিনী বৰুৱাৰো বাৰ্ধক্যজনিত ৰোগত পৰলোকপ্ৰাপ্তি হয়। ৭০ বছৰীয়া অভিনেত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নলবাৰীৰ দল-সংগঠন বোৰৰ নেতৃত্বৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নি শেষ শ্ৰদ্ধা নিবেদন কৰে।
বৃহস্পতিবাৰে নিশা ৩ বজাত মৃত্যু মুখতপৰা অভিনেত্ৰী গৰাকীৰ বাবে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা সমালোচক শশী শৰ্মা, বসন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, উপ-সভাপতি ড০ বিপিন চন্দ্ৰ কলিতা, সম্পাদক নৰেন্দ্ৰ মজুমদাৰ, নলবাৰী জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক প্ৰধান বিজয় বৰুৱাই শোক প্ৰকাশ কৰে।