77
গোৱালপাৰাঃ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ লোৱা এগৰাকী অসমীয়া খেলুৱৈৰ কথা এয়া৷ গোৱালপাৰা জিলাৰ বলবলাৰ গেলেন্দিয়াডোবাৰ অতিকে পিছপৰা গাঁৱৰ যুৱতীগৰাকীৰ বুকুত অযুত সপোন৷
অসমক উজলাই তোলাৰ অদম্য হেঁপাহ থকা ৰাঙাতুলিৰ এই প্ৰতিভাৱান খেলুৱৈগৰাকীৰ নাম ছিলচা ডি চাংমা৷ কিক্-বক্সিঙৰ ক্ষেত্ৰত ৰাজ্যৰ বাহিৰত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত অংশ লৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা চাংমাইয়ে এটাৰ পিছত এটাকৈ বুটলিছে মেডেল৷