গুৱাহাটীঃ সমগ্ৰ বিশ্বতে ৪ ফেব্ৰুৱাৰী দিনটো বিশ্ব কৰ্কট দিৱস হিচাপে পালন কৰা হয়। জনসজাগতা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱাৰ উপৰিও প্ৰতিখন দেশতে ইয়াৰ প্ৰতিৰোধৰ বাবে কাৰ্যকৰী পদক্ষেপ লোৱাৰ উদ্দেশ্য এই দিৱস পালন কৰি অহা হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে বিশ্বত প্ৰতি মাহত কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱায় ৬ লাখ লোকে। তাৰে ৮০ শতাংশ লোকৰ কৰ্কট হোৱাৰ মূল কাৰণ ধঁপাত সেৱন।
বিশ্বৰ আন ৰাজ্যৰ লগতে ২০১৩ বৰ্ষত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধপাত নিষিদ্ধকৰণৰ আইন প্ৰণয়ণ কৰিছিল যদিও আজি পৰ্যন্ত কাৰ্যকৰী হোৱা দেখা নগ’ল । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীৰ সৰু-বৰ সকলো সকলো বিপণিতে মুক্তভাৱে ধঁপাত বিক্ৰী হোৱাৰ লগতে পান মচলা, গুটখা আদি মালাৰ দৰে সজাই থোৱা সততে দেখা যায়।