আমষ্টাৰডামঃ এখন হৃদয় বিদাৰক ফটো। আফ্ৰিকান দেশ নাইজেৰিয়াৰ পথত তৃষ্ণাতুৰ এটি কণমানিক পানী খুৱাই আছে এগৰাকী মানৱদৰদী মহিলাই। যোৱা বছৰ জানুৱাৰীত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এই ফটো। সচৰাচৰ অনগ্ৰসৰ সমাজত থকা কুসংস্কাৰ-অন্ধবিশ্বাসৰ দৰে এই দৰিদ্ৰ দেশখনকো গ্ৰাস কৰিছে এনে প্ৰথাই।
ব্যথিত এনজাই কণমানিটোক পানী খুৱাই থকা ফটোখনেই ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। তেওঁ কণমানিটোক পথৰ পৰা বুটলি আনি ঠাই দিছিল বুকুৰ মাজত। এতিয়া সি ডাঙৰ হৈছে। এবছৰ মৰমৰ পৰিচৰ্যা পাই সি হৈ পৰিছে হৃষ্ট-পুষ্ট।