ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৫ বছৰৰ মূৰকত পুনৰ একেলগ হৈছে ৰূপালী পর্দাৰ অন্যতম সফল যুটি অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত। ধামাল চিৰিজৰ তৃতীয়খন বোলছবিৰ কাৰণে এই লখন-ৰাধা খ্যাত ৰোমেন্তিক যুটিক লোৱাৰ কথা চিন্তা চৰ্চা কৰিছে চিত্রনির্মাতা ইন্দ্র কুমাৰে।
ইয়াৰ পূৰ্বে, অনিল-মাধুৰীক লৈ বলিউডত বেটা, দিল, ৰাজাৰ দৰে চুপাৰহিট ফিল্ম উপহাৰ দিছে ইন্দ্র কুমাৰে। ধামাল চিৰিজৰ পৰৱৰ্তী বোলছবি টোটেল ধামালৰ বাবে মাধুৰীক চাইছে। নির্মাতা ইন্দ্র কুমাৰে মাধুৰীৰ বিপৰীতে লব বিচাৰিছে সকলোতকৈ সফল যুটিৰ নায়ক অনিল কাপুৰক। ‘তেজাব’, ‘ৰাম-লখন’, ‘পুকাৰে’ আদিৰ দৰে কেইবাখনো হিট ফিল্মত যুটি আছিল এওঁলোক।