গুৱাহাটীঃ অসম মুলুকৰ পৰা দেশৰ সৰ্ব্বোচ্চ সাংবিধানিক পদত স্থলাভিষিক্ত প্ৰথমজন সুযোগ্য অসম সন্তান ফখৰুদ্দিন আলি আহমেদৰ আজি মৃত্যু বাৰ্ষিকী। ১৯৭৭ চনৰ আজিৰ দিনটোতে জীৱন নাট সামৰিছিল দেশৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদে।
কিন্তু আজি যেন পাহৰণিৰ গৰ্ভত এইজনা ব্যক্তি। এইজনা সুযোগ্য অসম সন্তানৰ কথা মনত নেপেলালে ৰজাঘৰীয়াৰ লগতে প্ৰজাঘৰীয়াইয়ো। এইগৰাকী সুযোগ্য অসম সন্তানৰ জন্ম হৈছিল ১৯০৫ চনৰ ১৩ মে’ত দিল্লীৰ হাউজ কাজী নামৰ এটা অঞ্চলত। ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী সফল ব্যক্তি হিচাপে বিবেচিত হৈছিল ফখৰুদ্দিন আলি আহমেদ।