ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিফুৰ বিশিষ্ট সমাজকৰ্মী, ব্যৱসায়ী আব্দুল মন্নানৰ মৃত্যু হয়৷ ডিফু ধৰমনালা পথৰ নিজ বাসভৱনত দেওবাৰে পুৱা মৃত্যুক আকোৱালি লয় বিশিষ্ট নাগৰিকগৰাকীয়ে৷ তেওৰ মৃত্যুৰ খবৰ প্ৰচাৰৰ পিছতে গুনমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ মৃত্যুৰ আগমুহূৰ্তলৈকে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছিল আব্দুল মন্নানে৷
৯০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আকোৱালি লোৱা বিশিষ্ট নাগৰিকগৰাকীয়ে ডিফু মছজিদ সমিতিৰ সভাপতি হৈ আছিল মৃত্যুৰ আগমুহূৰ্তলৈ৷ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল৷