ফিল’বাৰীঃ তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়াবহ অগ্নিকাণ্ডত জাহ গ’ল শ্ৰমিকৰ গৃহ৷ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত লালমাটিত দেওবাৰে পুৱা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। পেঙেৰীৰ দহোটীয়া চাহ বাগিচাৰ শ্ৰমিক দীনেশ ভট্ৰাৰ বাস গৃহত অগ্নিকাণ্ড সংঘটিত হয়৷
জানিব পৰা মতে, দেওবাৰে পুৱা শ্ৰমিকগৰাকীৰ ঘৰত কোনো লোক নাছিল৷ কোনো লোক নথকাৰ সময়তে শ্ৰমিকৰগৰাকীৰ বাসগৃহৰ পৰা ধোৱা ওলাবলৈ আৰম্ভ কৰে৷ ধোৱা ওলাই থকা প্ৰত্যক্ষ কৰি একাংশ লোক ওচৰলৈ আহে৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ অৱগত হোৱাত হুৱা দুৱা লাগে যদিও কোনেও একো কৰিব নোৱাৰাকৈয়ে এফালৰ পৰা অগ্নি বিয়পি পৰি বাসগৃহ সহিতে সকলো সম্পত্তি জুইত জাহ যায়৷