চামগুৰিঃ ৰাজ্য চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী আঁচনিত অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়ম । অন্যান্য আঁচনিৰ কথা বাদেই ১২ হাজাৰ টকীয়া অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মানটো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে।
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ভৰাগুৰি গাওঁ পঞ্চায়তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত বিষয়া কৰ্মচাৰী, ঠিকাদাৰ, ৰাজনৈতিক নেতা-পালিনেতাই অবাধ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ পোৱা গৈছে৷