চৰাইদেউঃ চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে কেইবাটাও সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগালেণ্ডক অসমৰ এক ইঞ্চি ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে৷
ভাৰত চৰকাৰে এন এছআইএমৰ সৈতে ৰবপায়ণ কৰা ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ লগতে নগালিমত অসমৰ মাটি হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি কয়৷ জিলা খনৰ সোণাৰি চহৰস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷