ৰঙিয়াঃ আৰক্ষীৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত জালত পৰিল বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য৷ উজনি-নামনিৰ আৰক্ষীৰ মুৰৰ কোমোৰণি হৈ পৰা বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য বাইক চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰে বিপুল। উজনি-নামনিত দীৰ্ঘদিন ধৰি বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা আৰক্ষীৰ ম’ষ্ট ৱান্টেড তালিকাত নাম সন্নিবিষ্ট আছিল বিপুলৰ নাম৷
দৰঙৰ ছিপাঝাৰৰ বিপুল শৰ্মাক ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰঙিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বাইক চুৰিত ব্যৱহাৰ কৰা বহু যন্ত্ৰ পাতি, নগদ ধন, মোবাইল, চাদাৰ টেমা, ধপাত জাতীয় সামগ্ৰী আটক কৰে বিপুলক। জানিব পৰা মতে, নামণিৰ কেইবাখনো থানাত বিপুলৰ বিৰুদ্ধে বাইক চুৰিৰ অভিযোগ আছে৷