শিমলুগুৰিঃ বিলাসী গাড়ী নথকা মন্ত্ৰী-বিধায়ক আজিৰ দিনত পাবলৈ নাই৷ মন্ত্ৰী-বিধায়ক বাদ দিয়ক সাধাৰণ একো একোজন নেতা-পালিনেতাই লাখ লাখ টকাৰ মুল্যৰ গাড়ীৰে ঘুৰা-ফুৰা কৰে৷ কাইলৈ বাছত উঠি ঘুৰি ফুৰা লোকজনে বিধায়ক হৈয়ে বছৰটোৰ ভিতৰতে কেইবাখনো গাড়ী-ৰাজ প্ৰসাদ সদৃশ আট্টালিকাৰ গৰাকী হৈ পৰে৷ যেন তেওলোকে অতীত পাহৰি যায়৷ খোৱাৰ পৰা পিন্ধনলৈকে সকলো সলনি হয় তেওলোকৰ৷
তেওলোক যেন ৰজা হৈ পৰে৷ ক্ষমতাই তেওলোকৰ সকলো সলনি কৰি পেলায়৷ তেওলোকৰ বিৰুদ্ধে লুটি-পুটি খোৱাৰ অভিযোগ উত্থাপন হয়৷ সদাগৰ হৈ পৰে তেওলোক৷ কিন্তু তাৰ বিপৰীতে কিছু লোকে সততাৰ সৈতে আজিও সহ-অৱস্থান কৰি আহিছে৷ মন্ত্ৰী-বিধায়ক সাংসদ হৈও দুৰ্নীতিৰ চেকা লাগিব নিদিয়া এনে বহু ৰাজনীতি কৰা লোক আজিও আছে৷