52
বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত স্বেচ্ছাসেৱী অনুষ্ঠান কুবেৰ অবিনশ্বৰৰ উদ্যোগত আৰু অবিনশ্বৰ গোষ্ঠীৰ সহোগত দেওবাৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰা হয়৷
অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বহু লোকে শ্ৰদ্ধাঞ্জলি যাচে৷ অবিনশ্বৰ গোষ্ঠীৰ কলা কুশলী সকলৰ দ্বাৰা বৰগীত, লোকগীত, ভজন, নৃত্য গীত আদি পৰিবেশনেৰে জীপাল কৰি তোলে স্থানীয় ড০ ভৱেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহ।