57
নলবাৰীঃ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই সোমবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৪০০ টকালৈ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্য, শিক্ষা, বিশুদ্ধ খোৱা পানী, নিবনুৱা সমস্যা সমাধানকে ধৰি বিভিন্ন দাবীত তামুলপুৰৰ নাগ্ৰিজুলী চাহ বাগান পুৱা সাত বজাৰ পৰা পাচ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ণ কৰে৷