তুলসীবাৰীঃ বিটিএডিৰ বাক্সা জিলাৰ বৈৰাথী ক্লাবৰ উদ্যোগত ইএম মহেশ্বৰ বসুমতাৰীৰ সহযোগত ৰঙিয়াৰ খন্দিকৰ নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে চূড়ান্ত খেল খন অনুষ্ঠিত হয়৷
ফাইনেলত খেল খন মুকালমুৱা জিমনাষ্টক ক্লাবৰ বিৰুদ্ধে পাঠশালাৰ সাদৰি এছ চিয়ে। উত্তেজপূৰ্ণ খেল খন অমীমাংসিত ভাবে সমাপ্ত হোৱাত মুকালমুৱা জিমনাষ্টক ক্লাবে ট্ৰাইব্ৰেকাৰত ৩-১ গলত পাঠশালাৰ সাদৰি এছ চিৰক পৰাজিত কৰি মুকালমুৱাই ফাইনেলৰ চেম্পিয়ন খিতাপ পাবলৈ সক্ষম হয়।