গুৱাহাটীঃ “আহ ঐ আহ/খেতি কৰবাক লেগি/কান্ধত নাঙাল লৈ…”। এখন পথাৰ, হাজাৰ-বিজাৰ সপোন, এখন নৈ আৰু KCC ঋণ। এদিন দুজন ল’ৰা গৈছিল SBIৰ নলবাৰী শাখালৈ। নভবাকৈয়ে তাতেই ৰোপণ হৈছিল বীজ৷ এখন কৃষিপামৰ৷
‘‘এসময়ত চাইকেল লৈ নলবাৰীলৈ যাব বেয়া লাগিছিল৷ আজি বাইক লৈ পামলৈ আহিব পৰা হৈছো। বহুতে KCC ঋণ লয় বুলি আমি তিনিজন লগলাগি এদিন ঋণ বিচাৰি গলো SBIৰ নলবাৰী শাখালৈ। সঁচাকৈ বেংকৰ ঋণ লৈ খেতি কৰাৰ আমাৰ কোনো পৰিকল্পনা নাছিল। টকাখিনি কিবা-কিবি কামত খৰছ কৰি ঋণ ওভতাই নিদিয়াৰ পৰিকল্পনা আছিল। কিন্তু বেংকলৈ গৈ কেনা লাগিল। বেংকৰ শাখা পৰিচালকে সুধি পেলালে খেতি ক’ত কৰিম ?’’-এনেকৈ সাৱলীলভাৱে নিজৰ উত্তৰণৰ কথা কৈ গৈছে ‘শংকৰদেৱ জৈৱিক কৃষি পাম’ৰ অন্যতম কৃষক গকুল হালৈয়ে।