গুৱাহাটীঃ মৃত্যু জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য্য৷ কবিয়ে কোৱাৰ দৰে সচাকৈয় মৃত্যু শিল্প হ’ব পাৰেনে? মৃত্যু এনে এক সত্য যিটো সত্যৰ পৰা আমি সদায় পলায়ন কৰিব বিচাৰো৷ মৃত্যুৰ প্ৰতি এই ভয় সহজাত৷ কিন্তু কোনো কোনো মুহূৰ্তত এই মৃত্যুয়েই কাৰোবাৰ বাবে হৈ পৰে আটাইতকৈ সহজ পথ।
এনেকৈয়ে পলায়নৰ চেষ্টাৰ বিপৰীতে যেতিয়া নিজেই মৃত্যুক হাতবাউলি মাতে তেতিয়াই সেয়া হৈ পৰে আত্মহত্যা। সামাজিক ব্যাধি সদৃশ হৈ পৰা এই আত্মহত্যাই স্বাভাৱিকতে প্ৰতিজন সচেতন লোককে উদ্বিগ্ন কৰি তুলিছে৷