নগাঁওঃ নগাঁও আৰক্ষীৰ অটাৰ পিছত এটাকৈ বৃহৎ সাফল্য৷ জব্দ হৈছে বৃহৎ পৰিমানৰ অস্ত্ৰ-শস্ত্ৰসহ এখন হুণ্ডাই গেটজ গাড়ী। জিলাখনৰ যান-বাহন শাখাৰ আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ’ল দুটা এ.কে ৪৭, এটা থ্ৰি নট থ্ৰি ৰাইফল, ১৮০ জাই সজীৱ গুলী, ব্ৰাউন চুগাৰ, গাঞ্জা, চোকা অস্ত্ৰসহ বহু পৰিমাণৰ নিষিদ্ধ সামগ্ৰী।
এ-এছ-01-এ-জি-3342 নম্বৰৰ এখন হোণ্ডাই গেটছ গাড়ীৰ পৰা উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ সামগ্ৰীসমূহ। অৱশ্যে, আৰক্ষীয়ে এই সামগ্ৰীসমূহ কঢ়িয়াই অনা দুৰ্বৃত্তৰ দলটোক এই পৰ্য্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই।