Home ৰাজ্যকামপুৰত অসম ভিত্তিত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যা

কামপুৰত অসম ভিত্তিত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যা

by News Desk
55 views
A+A-
Reset

বাহাকাবাৰীঃ কামপুৰ অন্তৰ্গত বাহকাবাৰীত আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ সৌজন্যত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলৈ গৈ আছে শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান৷ ৰাজ্যত তথা সমগ্র দেশত চলি থকা হিংসা, বিদ্বেশ, অনীতি অত্যাচাৰ দুৰ কৰি ৰাজ্যত তথা দেশত শান্তি সম্প্ৰতি স্থাপন কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত ঐক্য সংহতি স্থাপনৰ উদ্দেশ্যে কামপুৰ আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাই সদৌ অসম ভিত্তিত আয়োজন কৰিছে এই শ্ৰীমদ্ভাগৱত পাঠৰ৷

লগতে সাধাৰণ ৰাইজৰ বুজিবৰ সুবিধাৰ্থে সেই পাঠৰ সম্পুৰ্ণ বাখ্যাও কৰা হ’ব। এই কাৰ্যসূচী ৯ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ শংকৰ নগৰ বৈদিক বৈষ্ণৱ নামঘৰত আয়োজন কৰিছে৷ ইতিমধ্যে এই কাৰ্যসূচীৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি সমিতিৰ পৰা জানিব পৰা গৈছে। বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা কাৰ্যসূচী আৰম্ভ কৰিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0