71
ডিজিটেল ডেস্কঃ বুধবাৰৰ নিশা চাইনা বনাম সিন্ধুক লৈ ভাৰতীয় বেডমিন্টন মহলৰ আগ্রহ আছিল তুংগত। নাগপুৰত অনুষ্ঠিত হোৱা জাতীয় চেম্পিয়নৰ ফাইনেল খেল খনত মুখামুখী হৈছিল দেশৰ দুই আগশাৰীৰ বেডমিন্টন খেলুৱৈ চাইনা নেহৱাল আৰু পিভি সিন্ধু৷ কিন্তু শেষ হাঁহি মাৰিবলৈ সক্ষম হয় চাইনা৷ ২১-১৭, ২৭-২৫ গেমত পি ভি সিন্ধুক হৰুৱাই তৃতীয় বাৰলৈ জাতীয় বেডমিন্টন লিগ চেম্পিয়ন হ’ল চাইনা নেহৱাল।
