জয়সাগৰঃ কোনো অজ্ঞাতই গাড়ী ভাড়া কৰি নি চালকক হত্যা কৰি চুৰ কৰি নিছিল গাড়ী৷ সেই হত্যা কাণ্ডৰ চাৰিদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ শিৱসাগৰ পৰা নগাঁওলৈ এক অচিনাকি পুৰুষ আৰু মহিলাৰ দলে ৬ নৱেম্বৰৰ দিনা ভাড়া কৰি নিছিল AS04-S-2575 নম্বৰৰ তিয়াগো’ গাড়ীখন৷
চালক হিচাপে লগত গৈছিল শিৱসাগৰ নগৰৰ দাঁতি কাষৰীয়া কমাৰদফীয়া যুগনীয়া গাঁৱৰ গাড়ীচালক গোপাল দাস৷ সেইদিনাই নগাঁৱৰ বৰদোৱা ৰাইদঙীয়াত চালক গোপাল দাসক হত্যা কৰি গাড়ী লৈ উধাও হয় হত্যাকাৰী ডকাইতৰ দলটো৷ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইডঙীয়াৰ এখন পথাৰত ৬ নৱেম্বৰৰ পুৱা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল গোপাল দাসৰ মৃতদেহ। ডিঙিত কাপোৰেৰে মেৰিয়াই, হাত-ভৰি ৰচীৰে বান্ধি থোৱা অৱস্থাত গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো।