Home ৰাজ্যআঢ়ৈ টকাত এসাজ ভাত খুৱাব বিছৰা নলবেৰীয়া মন্ত্ৰীয়ে অনৈতিক কাৰ্যৰে পুত্ৰক কৰিছিল বৰ মানুহ

আঢ়ৈ টকাত এসাজ ভাত খুৱাব বিছৰা নলবেৰীয়া মন্ত্ৰীয়ে অনৈতিক কাৰ্যৰে পুত্ৰক কৰিছিল বৰ মানুহ

by News Desk
80 views
A+A-
Reset

নলবাৰীঃ ৰাজ্যৰ বহু বিতৰ্কিত এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ পুত্ৰই ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী জিলাত৷ কংগ্ৰেছ নেতা-প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকাই পিতৃৰ প্ৰভাৱ খটুৱাই অসম লোকসেৱা আয়োগত চাকৰি লোৱাত ব্যাপক চৰ্চা আৰম্ভ হৈছে নলবাৰী জিলাত৷ বিধায়ক তথা মন্ত্ৰী হৈ থকা কালত নিজ সমষ্টিৰ শিক্ষিত নিৱনুৱাক কোনো দিনে ঘুৰি নোচোৱা নীলমনি সেন ডেকাই নিজ পুত্ৰক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰিত নিয়োগ কৰিছিল৷

টকা দি যোগ্য মেধা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি নিজ দলৰ চৰকাৰ থকাৰ সুবাদতে নিজৰ পুত্ৰ কন্যা আত্মীয়ক সংস্থাপিত কৰিছিল একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে৷ তাৰ সমানে সমানে সেই সময়ৰ বিৰোধি বিজেপি দলেও পিছ পৰি থকা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ বিজেপি দলৰো কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয়ই চাকৰি লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ আনহাতে নলবাৰীৰ কংগ্ৰেছৰ নেতা তথা বহুবল্কী প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাই নিজ দলৰ চৰকাৰৰ শাসন কালত নিজ পুত্ৰক চাকৰি দিয়া ঘটনাই নীলমনি সেন ডেকাৰ গৃহ জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0