তেজপুৰঃ বিদেশী তথা এআৰচি বিষয়ত ৰাজ্য উত্তাল হৈ থকাৰ সময়তে ঐতিহ্যমণ্ডিত তেজপুৰৰ এগৰাকী প্ৰকৃত নাগৰিকক হাৰাশাস্তি কৰাৰ অভিোগ উত্থাপন হৈছে। শোণিতপুৰ জিলাৰ হেলেম চাহ বাগিচাত জন্ম গ্ৰহণ কৰি তেজপুৰৰ বিভিন্ন-বিদ্যালয় মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি সেনা বাহিনীত যোগদান কৰিছিল দিলীপ কুমাৰ দত্তই৷ ১৯৯৩ সেনাৰ চুবেদাৰ মেজৰ হিচাপে অৱসৰ গ্ৰহণ কৰে দত্তই।
পৰিতাপৰ বিষয় এই যে, ২০১৭ চনৰ মাৰ্চ মাহত বিদেশী ন্যায়াধিকৰণৰ শোণিতপুৰ কাৰ্যালয়ে এফ টি টি/৪/জি পি আৰ নম্বৰৰ জাননী যোগে দিলীপ দত্তৰ লগতে তেওঁৰ পুত্ৰ প্ৰসেনজিৎ দত্ত আৰু পত্নী প্ৰতিভা দত্তৰ নামত অবৈধ নাগৰিক সজাই কাৰণ দৰ্শোৱা জাননী জাৰী কৰে৷ যাৰ ফলত তেজপুৰ আদালতৰ দ্বাৰস্থ হয় লোকজনে।