নলবাৰীঃ ৰাজ্যৰ বহু বিতৰ্কিত এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ পুত্ৰই ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নলবাৰী জিলাত৷ কংগ্ৰেছ নেতা-প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাৰ পুত্ৰ ৰাজৰ্ষি ডেকাই পিতৃৰ প্ৰভাৱ খটুৱাই অসম লোকসেৱা আয়োগত চাকৰি লোৱাত ব্যাপক চৰ্চা আৰম্ভ হৈছে নলবাৰী জিলাত৷ বিধায়ক তথা মন্ত্ৰী হৈ থকা কালত নিজ সমষ্টিৰ শিক্ষিত নিৱনুৱাক কোনো দিনে ঘুৰি নোচোৱা নীলমনি সেন ডেকাই নিজ পুত্ৰক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰিত নিয়োগ কৰিছিল৷
টকা দি যোগ্য মেধা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি নিজ দলৰ চৰকাৰ থকাৰ সুবাদতে নিজৰ পুত্ৰ কন্যা আত্মীয়ক সংস্থাপিত কৰিছিল একাংশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে৷ তাৰ সমানে সমানে সেই সময়ৰ বিৰোধি বিজেপি দলেও পিছ পৰি থকা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ বিজেপি দলৰো কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয়ই চাকৰি লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ আনহাতে নলবাৰীৰ কংগ্ৰেছৰ নেতা তথা বহুবল্কী প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাই নিজ দলৰ চৰকাৰৰ শাসন কালত নিজ পুত্ৰক চাকৰি দিয়া ঘটনাই নীলমনি সেন ডেকাৰ গৃহ জিলাত তীব্ৰ চাঞ্চল্য অব্যাহত আছে৷