ডিজিটেল ডেস্কঃ ভয়াবহ প্ৰদুষণে আৱৰি ধৰিছে দিল্লীৰ আকাশ। পৰিত্ৰাণ বিচাৰি বিভিন্ন উপায় অৱলম্বন কৰিও সকাহ পোৱা নাই দিল্লী চৰকাৰে। সেইয়ে এইবাৰ ল’লে আন এক পথ। অতিমাত্ৰা প্ৰদূষণৰ বাবে দিল্লীত নিষিদ্ধ হ’ল নিৰ্মাণ কাৰ্য আৰু ট্ৰাক চলাচল৷ বুধবাৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ সিদ্ধান্ত মৰ্মে এই বিষয়ত চাব মোহৰ লগালে লেফটেনেন্ট গৱৰ্নৰ অনিল বৈজলালে৷
প্ৰদূষণৰ পৰিমাণ দিনে দিনে বাঢ়ি যোৱাৰ বাবেই ৰাজধানীখনৰ সকলো কল কাৰখানাৰ নিৰ্মাণ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ দিছে দিল্লী প্ৰশাসনে৷ তাৰ লগতে চহৰখনত পন্য সামগ্ৰী সৰবৰাহ কৰা যান বাহন সমূহৰ লগতে ট্ৰাক প্ৰৱেশৰ ওপৰত জাৰি কৰিছে নিষেধাজ্ঞা৷