গুৱাহাটীঃ দেশত GSTৰ প্ৰচলন হোৱাৰ পিছতে ব্যাপক সমস্যাত পৰিছিল হাজাৰ হাজাৰ লোক। ২০১৭ বৰ্ষৰ ১ জুলাইত আৰম্ভ কৰা GST-এ হাৰাশাস্তি কৰা বুলি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছিল। বহু পলমকৈ হলেও বিজেপি চৰকাৰে ব্যৱসায়ী তথা সাধাৰণ লোকক সকাহ দিবৰ বাবে চিন্তা-চিৰ্চা কৰিবলৈ বাধ্য হয়।
তৰা মাজতে শুকুৰবাৰে বিজেপিয়ে ভাল খবৰ দিলে দেশবাসীক৷ GST আৰম্ভ হোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে বৈঠক অনুষ্ঠিত কৰি আহিছিল৷ ২৩ সংখ্যক বৈঠকৰ পৰা হে আহিল আশাৰ ৰেঙনি৷ দেশৰ জনসাধাৰণৰ বহু ক্ষোভৰ অন্তত সুখবৰ দিলে অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা।