কোকৰাঝাৰঃ বঙাইগাওঁ সদৰ চহৰৰ পৰা যোৱা ১৩ ফ্ৰেব্ৰুৱাৰীত অপহৃত হোৱা নবীন জৈন নামৰ ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীক আজি বঙাইগাওঁ আৰু কোকৰাঝাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই বাসুগাওঁ এলেকাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে কোকৰাঝাৰ আৰক্ষীয়ে দুটা অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । কোকৰাঝাৰ আৰক্ষীয়ে জিলাখনৰ ছালাকাটি অঞ্চলৰ পৰা আটক কৰা অপহৰণকাৰীদ্বয় হ’ল ক্ৰমে থাইজুগুৰী নিৱাসী চন্দ্ৰ ওৱাৰীৰ পূত্ৰ মিজিং ওৱাৰী (৩০) অাৰু বড়ো কুৰ্শাকাটি নিৱাসী অপূৰ্ব ব্ৰহ্মৰ পূত্ৰ নিতুল ব্ৰহ্ম বুলি জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰী কৰিছে ।
কোকৰাঝাৰ-বঙাইগাওঁ আৰক্ষীৰ সফলতা