ডিজিটেল ডেস্কঃ পাটাউদী পৰিয়ালৰ নবাবে লাভ কৰিলে শিশু দিৱসৰ উপহাৰ৷ উপহাৰ বুলি কলে চকলেট নতুবা ফুল নহয়৷ উপহাৰ হিচাপে লাভ কৰিছে ১ কোটি ৩০ লাখ টকৰা এখন গাড়ী৷ হয়, ইয়াকেই কোৱা হয় নবাব পৰিয়ালৰ ষ্টাইল। বি-টাউনৰ সকলোতকৈ জনপ্ৰিয় শিশু টাইমূৰৰ শিশু দিৱসৰ উপহাৰক লৈ এতিয়া বেছ চৰ্চা৷
শিশুদিৱস উপলক্ষে নবাব পৰিয়ালৰ কনিষ্ঠতম সদস্য তাইমুৰে উপহাৰ হিচাপে পালে ১ কোটি ৩০ লাখ টকীয়া গাড়ী। ১১ মাহীয়া তাইমুৰ আলি খানক বিলাসী জিপকম্পাছ গাড়ী উপহাৰ দিলে ছোটে নবাব ছৈঈফ আলি খানে। সোমবাৰে মুম্বাইত SRT-ৰ ৰঙা ৰঙৰ জিপকম্পাছ গাড়ীখন কিনা দেখা গৈছিল অভিনেতা ছৈঈফক।