টিপলাইঃ গোৱালপাৰা জিলাৰ টিপলাইস্থিত ঐতিহ্যমণ্ডিত নায়তাৰা-চৌতাৰা জিলাখনৰ ভিতৰতেই এখন লেখত ল’বলগীয়া বিল ৷ চৰকাৰী নথি অনুসৰি ৫৮০ বিঘা ১৪ লেচা মাটিকালিৰে আৱৰা এই বিলখন সম্প্ৰতি বেদখলকাৰীৰ কবলত।
এই সংক্ৰান্তত আজি অঞ্চলটোত উপস্থিত হৈ বিলখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় দুধনৈ বিধান সভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই ৷ বিলখনৰ পাৰৰ তথা আমবাৰী গাঁও পঞ্চায়তৰ উলুবাৰীত আজি অনুষ্ঠিত হোৱা সভাত বিধায়ক ৰাভাই কয় যে বিলখন সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা হাতত ল’বলৈ চৰকাৰে পৰিকল্পনা অব্যাহত ৰাখিছে।