চৰাইদেউঃ নাগালিম চুক্তিক লৈ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা অব্যাহত থকাৰ লগতে এগৰাকী আলফা স্বাধীনৰ কেডাৰক আটক কৰাৰ কেইটামান ঘটনাৰ পিছতে এগৰাকী হিন্দীভাষী ব্যৱসায়ী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে চৰাইদেউ জিলাৰ সোণাৰিত৷
জানিব পৰা মতে, সোণাৰিত ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা সুকুল দেব ৰায় নামৰ লোকজন যোৱা ১২ নবেম্বৰৰপৰা নিৰুদ্দেশ হৈ থকাত ব্যৱসায়ীগৰাকীক কোনো দুৰ্বৃত্তই অপহৰণ কৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ বিহাৰৰ মোজফ্ফৰপুৰৰ বাসিন্দা সুকুল দেব ৰায় সোণাৰি নগৰৰ ১৩নং ৱাৰ্ডৰ এঘৰ লোকৰ ঘৰত ভাৰাতীয়া হিচাপে থাকি ক্ষুদ্ৰ ব্যৱসায় কৰিছিল৷