বাহাকাবাৰীঃ ক্ৰমান্বয়ে সংকটৰ গৰাহত যাবলৈ ধৰিছে অসমীয়া বস্ত্ৰ উদ্যোগ। বহিৰাগত মেচিনত বোৱা কম মুল্যৰ বস্ত্ৰই সমগ্ৰ অসমৰ কাপোৰৰ বজাৰ দখল কৰাত দিনে দিনে ম্লান পৰি গৈছে শুৱালকুছি তথা অসমৰ অন্য থলুৱা বস্ত্ৰ উদ্যোগ সমুহ৷
নগাঁও জিলাৰ কামপুৰৰ পৰা প্ৰায় চাৰি কি.মি. নিলগৰ এখন গাঁও। বস্ত্ৰ নগৰী হিচাপে খ্যাত কচুৱাৰ গেৰজাইপাম নামৰ গাঁও খন। তেওঁ লোকৰ অভিযোগ ৰাজ্যৰ থলুৱা বস্ত্ৰ উদ্যোগলৈ সংকট নমাই আনিছে বাহিৰৰ পৰা অহা বিভিন্ন বস্ত্ৰই। এই অভিযোগ ৰাজ্যৰ দ্বিতীয় শুৱালকুছি হিচাপে পৰিচিত নগাওঁ জিলাৰ কচুৱাৰ গেৰজাইপাম বাসীৰ।