গুৱাহাটীঃ সততে বিতৰ্কৰ সৃষ্টি কৰি ভালপোৱা গেৰুৱা বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে প্ৰাক্তন কৃষক মুক্তিৰ নেতা কমল কুমাৰ মেধিক ফোনযোগে জাতক ধৰি গালি দিয়াৰ লগতে ভাবুকি প্ৰদান কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এগৰাকী জ্যেষ্ঠ নাগৰিকে পুত্ৰ সম যুৱকক এনে দৰে ব্যৱহাৰ কৰা কাৰ্যক সচেতন মহলে সহজে লব পৰা নাই৷ দেওবাৰে নিশা কমল কুমাৰ মেধিক ফোনযোগে জাত কি বুলিও প্ৰশ্ন কৰে চক্ৰৱৰ্তীয়ে৷
৯৪৩৫১১২৯৬৮ নম্বৰৰ পৰা একপ্ৰকাৰ ভাবুকি প্ৰদান কৰি কমল কুমাৰ মেধিক চক্ৰৱৰ্তীয়ে কয় “মই আলফাকে কেয়াৰ নকৰো৷ তুমি কোন৷ এয়া নিচ জাতিৰ কাম৷ মোৰ বিৰুদ্ধে গোচৰ তৰি সাহস দেখুৱাইছ “৷ কমল কুমাৰ মেধিক অভব্য-অশ্ৰাব্য গালি-গালাজ কৰা বুলি ও অভিযোগ উত্থাপন হয়৷