গুৱাহাটীঃ সততে বিতৰ্কত থাকি ভাল পোৱা ৰহা সমিষ্টৰ বিজেপিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ কন্যাই ভাবুকি দিলে newsnextone.comৰ কামপুৰস্থিত সাংবাদিকক। কিছুদিন পূৰ্বে নগাওঁ জিলাৰ কঠীয়াতলীৰ খণ্ড উন্নয়নৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী কনিষ্ঠ অভিযন্তাক ভৰিত ধৰিবলৈ বাধ্য কৰোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ নিজ কন্যাৰ বাবে বিতৰ্কত সোমাই পৰিছে বিধায়কজন।
উল্লেখ্য যে বাহকাবাৰী মজলীয়া বিদ্যালয়ৰ ওচৰতে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়তে মাইক লগাই বিজেপিয়ে ৰাজহুৱা সভা অনুষ্ঠিত কৰাকলৈ সংবাদদাতাজনে এটি সংবাদ পৰিৱেশন কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা চলি থকাৰ মাজতে আৰু এখন মজলীয়া বিদ্যালয়ৰ ওচৰতে বিদ্যালয় খোলা থকা সময়তে বিজেপিয়ে ৰাজহুৱা সভা আয়োজন কৰাক লৈ ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰাত সংবাদদাতাজনে ৰাজহুৱা স্বাৰ্থত পৰিৱেশন কৰিছিল উক্ত বাতৰিটো।