গুৱাহাটীঃ ৰাজ্যত কাৰ্যকৰী হৈছে নতুন দেশীয় সুৰা নীতি। দেশীয় সুৰাৰ উৎপাদন, বিতৰণ আৰু বিক্ৰীৰ সন্দৰ্ভত মান্ধাতা যুগৰ আসোৱাহ পূৰ্ণ আৱণ্টন প্ৰক্ৰিয়াৰ জৰিয়তে হৈ থকা কৰফাঁকি আৰু দুৰ্নীতি ৰোধ কৰিবৰ বাবে যোৱা ২০ ফেব্ৰুৱাৰীৰ পৰা বলৱৎ হৈছে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট বক্তব্য।
এই অনুযায়ী আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বলিষ্ঠ উদ্যোগত নতুন দেশীয় সুৰা নীতি সন্দৰ্ভত জাৰি কৰা হৈছে গেজেট অধিসূচনা। ৰাজ্য চৰকাৰৰ এই সংস্কাৰমূলক পদক্ষেপৰ জৰিয়তে এতিয়াৰে পৰা বিলোপ হ’ব পুৰণিকলীয়া আৰু আঁসোৱাহযুক্ত মহল ব্যৱস্থা।