ধিংঃ এক জঘন্য ঘটনাই জোকাৰি গ’ল নগাঁও জিলাৰ ধিং অঞ্চলক৷ এগৰাকী বোৱাৰীক দুৰ্বত্তৰ দলে গণ ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে বৰ্বৰ আক্ৰমণ কৰাৰ ঘটনাই জোকাৰি গ’ল ধিঙক৷ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বোৱাৰীগৰাকী৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বোৱাৰীগৰাকীক দলৱদ্ধ ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰাৰ সন্দেহ কৰা হৈছে।
নগাঁও জিলাৰ ধিঙৰ ধুপগুৰি পথাৰত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, ধুপগুৰি পথাৰৰ মহিলাগৰাকীৰ স্বামী বাহিৰত কাম কৰাত তেও ঘৰত অকলে থাকে৷ অইন দিনাৰ দৰে শুকুৰবাৰৰ নিশাও ঘৰত কোনো নথকাত তেও অকলশৰে থাকে৷ শুকুৰবাৰৰ নিশা ঘৰৰ বেৰ কাটি দুৰ্বৃত্ত প্ৰবেশ কৰে মহিলাগৰাকী থকা কোঠাত৷ কোঠাত প্ৰবেশ কৰি গণ ধৰ্ষণ কৰে মহিলাগৰাকীক৷