নগাঁওঃ বহু পলমকৈ হ’লেও ধৰালৈ নামি অহা শীতৰ আগমনে গৰমে অতিষ্ঠ কৰি তোলা বাতাৱৰণ শীতলাই তুলি এক চেঁচা মায়াময় পৰিবেশৰ ৰছনা কৰিলেও শীতৰ লগতে অহা বিভিন্ন ৰোগৰ বীজাণুয়ে ৰাইজক এক অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন কৰাইছে ৷ঘাইকৈ নগাঁও জিলাৰ গ্ৰামাঞ্চলবোৰত বিগত এপষেক মানৰ পৰা ক্ৰমান্বয়ে বৃদ্ধি পোৱা জ্বৰ,কাহ আৰু চৰ্দি ৰোগৰ প্ৰকোপে সৰ্বস্তৰৰ লোককে অতিষ্ঠ কৰি তুলিছে ৷
জিলাখনৰ প্ৰায় সংখ্যক গাঁও অঞ্চলত বৰ্তমানলৈকে এই ৰোগে সংহাৰী ৰূপ ধাৰণ কৰা নাই যদিও দিনে দিনে আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাব ধৰিছে ৷বৰ্তমান শিশুৰ পৰা বৃদ্ধলৈকে এই ৰোগত আক্ৰান্ত হৈছে যদিও শিশু আৰু যুৱক-যুৱতীৰ সংখ্যাই হ’লে অধিক ৷কিন্তু এনে পৰিস্থিতিত জিলা স্বাস্থ্য বিভাগে যি তাৎক্ষণিক পদক্ষেপ গ্ৰহন কৰিব লাগিছিল তেনে নকৰাত দৰিদ্ৰ পৰিয়ালৰ লোকসকল উপযুক্ত চিকিৎসাৰ অভাবত ভীষণ সমস্যাত পৰিছে ৷