কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগৰ তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীৰ বাসভৱনৰ নিকটৰ ভৱানীপুৰৰ জেডি পথৰ পৰা কালি নিশা এগৰাকী ব্যৱসায়ীক অপহৰণ কৰা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে অপহৰণ কৰা ব্যৱসায়ীগৰাকী হ’ল ভৱানীপুৰৰ ৰঞ্জিত দত্ত ওৰফে গুট্টু (৪০) ।
প্ৰাপ্ত বাতৰি অনুসৰি ৰঞ্জিত দত্তই কদমতলাত থকা ইলেকট্ৰিকেলৰ দোকান সামৰি নিশা ৮:২৫ মান বজাত স্কুটিৰে ঘৰলৈ গৈ থাকোতেই অপহৃত হয় । নিজ দোকানৰ পৰা স্বগৃহলৈ মাথো পাঁচ মিনিটৰ ৰাস্তাতে দুৰ্ষ্কৃতিকাৰীয়ে তেওঁৰ পিছ লয় আৰু ঠিক ঘৰৰ সন্মুখতে নিশা ৮:৩০মান বজাত দুখন পালচাৰ মটৰচাইকেলত অহা চাৰিজন অস্ত্ৰধাৰী দুৰ্ষ্কৃতিকাৰীয়ে ৰঞ্জিত দত্তক অাগচি ধৰি অস্ত্ৰৰ ভাবুকিৰে নিজৰ জিন্মাত লৈ মটৰচাইকেলত উঠাই লৈ কাৰিগাঁওৰ দিশে তীব্ৰবেগেৰে উধাও হয় ।