গুৱাহাটীঃ মোৰ বহুত ভাল লাগিছে৷ সকলোকে ধন্যবাদ। সোণৰ পদক জয়ী হৈ কেৱল এই খিনিয়েই কলে অসমৰ ৰাণীয়ে। হয় অসমৰ ৰাণী অংকুশিতাই স্বৰ্ণ পদক আজুৰি আনিলে৷ বহু জল্পনা-কল্পনাৰ অন্তত অসমৰ বক্সিঙৰ ৰাণী অংকুশিতাই স্বৰ্ণ দখল কৰিবলৈ সক্ষম হ’ল৷
বিশ্ব বক্সিঙৰ ফাইনেলত দপদপাই বক্সিঙৰ ৰিঙত অসমৰ অংকুশিতা বড়োই এই সফলতা লাভ কৰিলে৷ অসমৰ মেৰিকম হিচাপে খ্যাতি লাভ কৰা অংকুশিতাই চেমি ফাইনেলত থাইলেণ্ডৰ বক্সাৰ থানছনাক হৰুৱাই দেওবাৰে ফাইনেলত হৰুৱালে ৰাছিয়াৰ যুৱ মহিলা খেলুৱৈই একটাৰিনাক। শক্তিশালী ঘোচাৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি জয়ী হ’ল অংকুশিতা৷ আনহাতে আন এগৰাকী নন্দিতাও স্বৰ্ণ লাভ কৰিবলৈ সক্ষম হয়।