গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত যোৱা ২০ ফেব্ৰুৱাৰীত চহৰখনৰ মজমজিয়াত অৱস্থিত পদ সাথী ফুট ওৱেৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা উদ্ধাৰ হোৱা জোতা সৰ্বশিক্ষা অভিযানৰ নহয় বুলি দাবী কৰিছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী নয়ন দেৱনাথে।
আজি বিয়লি ৫বজাত এক সংবাদমেল যোগে ব্যৱসায়ী জনে সদৰী কৰে যে উক্ত জোতাৰ পেকেটবোৰ তেওঁ যোৱা ২৯ জানুৱাৰীত ৰঙিয়াৰ ষ্টেচন ৰোড স্থিত পন্নালাল শ্বু ষ্টোৰৰ পৰা ক্ৰয় কৰি আনিছে। প্ৰমাণ হিচাপে তেওঁৰ কেচ মেমোকে ধৰি সকলো নথি সংবাদ মেলত প্ৰদৰ্শন কৰে।